মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

পৰ্যটন বিভাগৰ পৰা মেলা, উৎসৱ আদিৰ পৃষ্ঠপোষকতাৰ বাবে আবেদন

মূল বিষয়:

  • পৰ্যটন বিভাগ, অসমৰ সৈতে জড়িত মেলা, উৎসৱ আদিৰ বাবেহে বিভাগে আৰ্থিক সহায় আৰু পৃষ্ঠপোষকতা আগবঢ়ায়।
  • পৰ্যটনৰ সৈতে জড়িত নোহোৱা কোনো সাংস্কৃতিক বা অন্য কাৰ্যক্ৰমৰ বাবে পৃষ্ঠপোষকতা আগবঢ়োৱা নহয়।
  • কেৱল স্থানীয় জনপ্ৰিয়তা অৰ্জন কৰা কাৰ্যসূচীৰ বাবে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় প্ৰদান কৰা নহয়।
  • ৰাজ্য বা দেশৰ বাহিৰত পৰ্যটন বিভাগক জনপ্ৰিয় কৰিব পৰা মেলা বা উৎসৱৰ বাবেহে অনুদান প্ৰদান কৰা হয়।

অৱলোকন

অসমক পৰ্যটন দিশত আৰু অধিক আগুৱাই নিবৰ বাবে ব্যক্তিগত শাখা আৰু স্থানীয় প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় অংশগ্ৰহণক অসম পৰ্যটন নীতিৰ খচৰা সংস্কৰনত এক মূল উদ্দেশ্য হিচাপে গণ্য কৰা হৈছে। এই উদ্দেশ্যক বাস্তৱায়িত কৰিবৰ বাবে পৰ্যটন বিভাগ, পৰ্যটন সঞ্চালকালয়, অসম পৰ্যটন উন্নয়ন কৰ্তৃপক্ষই বিভিন্ন মেলা, উৎসৱ আদিৰ বাবে কোম্পানী আৰু প্ৰতিস্থানৰ লগতে বেচৰকাৰী সংগঠন আদিলৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায়। কোনো ক্ষেত্ৰত আৰ্থিক সহায় সমূহ সম্পূৰ্ণৰূপে কৰা হয় আৰু কোনো ক্ষেত্ৰত আংশিক ভাৱে স্পঞ্চৰশ্বিপ আৰু অংশীদাৰীৰ ৰূপত কৰা হয়।

অৰ্হতা

ৰাজ্যৰ পৰ্যটনৰ উন্নয়নৰ সৈতে জড়িত আৰু পৰ্যটন বিভাগক ৰাজ্য বা দেশৰ বাহিৰত প্ৰচাৰ কৰা মেলা, উৎসৱ বা যিকোনো অনুস্থানৰ বাদে কোনো ধৰণৰ উৎসৱৰ বাবে পৰ্যটন বিভাগে আৰ্থিক সহায় প্ৰদান নকৰে।

প্ৰয়োজনীয় নথি-পত্ৰ

পৰ্যটন বিভাগ, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিবক উদ্দেশ্যি এখন আবেদন পত্ৰ।

কিদৰে আবেদন কৰিব?

পৃষ্ঠপোষকতা সম্বন্ধীয় আবেদন পত্ৰসমূহ সদায় পৰ্যটন বিভাগ, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিবক উদ্দেশ্যি প্ৰদান কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

অফলাইন: হয়

কাক যোগাযোগ কৰিব

পৰ্যটন বিভাগ
ব্লক-'ডি'
অসম সচিবালয়