মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

আমি কি কৰো

  • অসমত পৰ্য্যটনৰ প্ৰচাৰ আৰু বিকাশৰ বাবে নীতি আৰু কাৰ্য্যক্ৰমণিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত অসম চৰাকাৰৰ পৰ্য্যটন বিভাগ হৈছে প্ৰধান প্ৰতিষ্ঠান। এই খণ্ডৰ ভাৰসাম্যতাযুক্ত বিকাশৰ বাবে উক্ত বিভাগে বিভিন্ন ইয়াৰ অংশীদাৰ সকলৰ সৈতে পৰামৰ্শৰ আদান প্ৰদান কৰাৰ লগতে সহযোগিতাও বজাই ৰাখে। পৰ্য্যটন উন্নয়নৰ উদ্দেশ্যৰে যিবোৰ প্ৰকল্পৰ বিপৰিতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে সেইবোৰ প্ৰকল্প ৰূপায়নৰ অগ্ৰাগতিৰ বিষয়ে পৰ্য্যটন বিভাগ নিৰিক্ষণ কৰাৰ বাবে দায়বদ্ধ।
    চৰকাৰৰ নীতি সমূহৰ ৰূপায়ন/কাৰ্য্যকৰী কৰাটোৱেই পৰ্য্যটন বিভাগৰ মূল কাম। বিভাগে বছৰেকীয়া পৰিকল্পনা, পৰিপ্ৰেক্ষিত পৰিকল্পনা আৰু দৰ্শন পৰিকল্পনা আদিবোৰ প্ৰস্তুত কৰাৰ বাবেও দায়বদ্ধ। অগ্ৰাধিকাৰ ভিত্তিত বাজেটৰ সুবিধা কৰা, ৰাজ্য চৰকাৰৰ আইন আৰু নীতি সমূহ বাস্তবায়ীত কৰাৰ দায়িত্বও পৰ্য্যটন বিভাগৰ উপৰতেই ন্যস্ত।