মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

মানৱ সম্পদ উন্নয়ন

পৰিচয়ঃ হোটেল প্ৰবন্ধন খাদ্য পৰিৱেশন প্ৰযুক্তিবিদ্য আৰু ব্যৱহৃত পুষ্টি শিক্ষানুষ্ঠান, গুৱাহাটী হৈছে ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰনালয়ৰ অধীনষ্ঠ এক কেন্দ্ৰীয় শাষিত প্ৰতিষ্টান আৰু সংশ্লিষ্ট ক্ষেত্ৰত যোৱা ৩২বছৰ ধৰি কাম কৰি আছে (যাক ১৯৮৫চনত খাদ্য শিল্প প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল এক)।

লক্ষ্য আৰু উদ্দেশ্য (সংক্ষিপ্ত ভাৱে)- এই শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য আছিল প্ৰতিভাশালী যুৱক-যুৱতী সকলক যাতে হোটেল প্ৰবন্ধন, সাধাৰণ খাদ্য প্ৰবন্ধন আৰু খাদ্য পৰিবেষণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰি আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মৰ্য্যদাৰ হোটেল আৰু অপ্যায়ন উদ্যোগ আৰু এনে আন আন খাদ্য পৰিবেশন উদ্যোগ যেনে ৰেলৱে, বিমান সেৱা, জাহাজ, উদ্যোগিক আৰু কাৰ্য্যলয়ৰ কেণ্টিন সমূহৰ বাবে প্ৰয়োজনীয় মধ্যম বৰ্গীয় কাৰিকৰী আৰু প্ৰবন্ধন পৰ্য্যায়ৰ মানৱ সম্পদৰ সৃষ্টি কৰিব পাৰে আৰু লগতে প্ৰশিক্ষণাৰ্থী সকলক যাতে এই ব্যৱসায়ৰ প্ৰয়োজনীয় তথা পৰ্য্যাপ্ত বাস্তৱ জ্ঞান প্ৰদান কৰিব পাৰি যাতে তেওঁলোকে নিজৰ সামৰ্থ আৰু যোগ্যতা অনুযায়ী নিজ নিজ ব্যৱসায়ৰ প্ৰতিষ্ঠা কৰিব পাৰে যেনে সৰু বেকাৰী, ফাষ্ট ফুড খিৰিকী, সৰু ৰেষ্টোৰেণ্ট, বহিঃ খাদ্য পৰিবেশন সংগঠন, ভ্ৰাম্যমান খাদ্য পৰিবেশন ইত্যাদি, যিহেতু এই অঞ্চলত হোটেল তথা এনেকুৱা আন উদ্যোগত কৌশলী লোকৰ অভাৱ। এনেদৰে এই শিক্ষানুষ্ঠানটোৱে উদ্যোগতোলৈ প্ৰশিক্ষিত মানৱ সম্পদৰ যোগান ধৰাৰ ক্ষেত্ৰত এক যোগাত্মক অৰিহনা যোগাই আহিছে আৰু জৰিয়তে বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যৱতী সকলক নিয়োগৰ সুবিধাও প্ৰদান কৰি আহিছে। এই এই ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰযুক্তবিদ্যাও শিক্ষানুষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৈ স্থানান্তৰ কৰি আছে আনকি পৰামৰ্শদাতাৰ সেৱাও এই ক্ষেত্ৰত আগবঢ়াই আহিছে।

আগবঢ়োৱা অধ্যয়নৰ বিষয় সমূহ
ক্ৰমিক নংপাঠ্যক্ৰমৰ নামম্যাদসেৱন ক্ষমতাপ্ৰয়োজনীয় শিক্ষানুন্যতম বয়স
অপ্যায়ন আৰু হোটেল প্ৰশাসন বিষয়ত বিজ্ঞান স্নাতক৩ বছৰ২৪৪দ্বাদশ /১০+২ উৰ্তিন্ন২২(সাধাৰণ/ও.বি.চি.), ২৫(এছ.চি./এছ.টি.)
খাদ্য উত্পাদন আৰু পাটিসেৰি সন্দৰ্ভত কাৰিগৰি বিষয়ডেৰ বছৰ৬০দশম শ্ৰেণী উৰ্তিন্ন২৫(সাধাৰণ/ও.বি.চি.), ২৮(এছ.চি./এছ.টি.)
আৱাস পৰিচালনা আৰু প্ৰবন্ধন বষয়ত স্নাতকোত্তৰ প্ৰমান পত্ৰডেৰ বছৰ৬০যিকোনো বিষয়ত স্নাতক২৫(সাধাৰণ/ও.বি.চি.), ২৮(এছ.চি./এছ.টি.)
খাদ্য আৰু পানীয় সেৱৰ সন্দৰ্ভত কাৰিগৰি প্ৰমাণ পত্ৰ বিষয়৬মাহ৬০দশম শ্ৰেণী উৰ্তিন্ন২৫(সাধাৰণ/ও.বি.চি.), ২৮(এছ.চি./এছ.টি.)

নামভৰ্তিৰ নিয়ম

ক) স্নাতকৰ বিষয়ঃ:

অপ্যায়ন আৰু হোটেল প্ৰশাসন বিষয়ত তিনি বছৰীয়া বিজ্ঞান স্নাতকৰ প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি কৰিবলৈ মূল আধাৰ হৈছে যুটিয়া পৰীক্ষাৰ আৰু তাৰ পাছতে নইদাৰ হোটেল প্ৰবন্ধন আৰু খাদ্য পৰিবেশন প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় পৰিষদে অনুষ্ঠিত কৰা কেন্দ্ৰীয় অনলাইন পৰামৰ্শ। নিয়োগৰ বাতৰিৰ(Employmen News) লগতে ভাৰতবৰ্ষৰ মূল বাতৰি কাকত কেইখনতো দিচেম্বৰ/জানুৱাৰী মাহত প্ৰতি বছৰে আবেদনৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হয়।

যোগ্যতাৰ মাপকাঠী আৰু আসনৰ সংৰক্ষণঃ

উক্ত বিষয়ৰ বাবে যোগ্যতাৰ মাপকাঠী হৈছে ১০+২ ব্যৱস্থা বা ইয়াৰ সময়ৰ লেখিয়া যিকোনো আনুষ্ঠানিক শিক্ষা যত ইংৰাজী বিষয় বাধ্যতামূলক। যি সকলে ১০+২ অন্তিম পৰীক্ষাত ইয়াৰ সমান্তৰাল কোনো পৰীক্ষাত অৱৰ্তীন্ন হৈছে সেইসকলেও জি.ই.ই. পৰীক্ষাত অস্থায়ী ভাৱে অৱৰ্তীন্ন হব পাৰে কিন্তু নুন্যতম শিক্ষাৰ পৰীক্ষাত উৰ্তীন্ন হোৱাটো বাধ্যতামূলক। সাধাৰণ/ও.বি.চি. বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে বয়সৰ শেষ সীমা ২২বছৰ আৰু এছ.টি./এছ.ছি. শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে এই সীমা ২৫বছৰ। এছ.ছি./এছ.টি. বৰ্গৰ বাবে ক্ৰমে ১৫শতাংশ আৰু ৭.৫শতাংশ আসন সংৰক্ষিত থাকে দিব্যাংগ সকলৰ বাবে ৩শতাংশ আসন সংৰক্ষিত হয়। ২০০৮ বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰে ও.বি.চি. বৰ্গৰ বাবেও আসন সংৰক্ষণৰ নীতি গ্ৰহণ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ বাবে সংৰক্ষণঃ

উত্তৰ-পূৰ্বাঞ্চলীয় মুঠ ৬খন খন ৰাজ্যৰ বাবে, সেইয়া হল অসম, অৰুণাচল প্ৰদেশ, মণিপূৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বাবে ৫৪খন আসন সংৰক্ষণৰ ব্যৱস্থা থাকে। এই আসন সমূহৰ বাবে প্ৰতিখন ৰাজ্যৰ পৰ্য্যটন সঞ্চালকালয়ে আবেদনৰ বাবে এপ্ৰিল/মে মাহত বিজ্ঞাপন প্ৰকাশ কৰে। আৰু তাৰ পাছত বাচনি কৰা প্ৰাৰ্থী সকলৰ নাম এন.ই.চি. ৰ জৰিয়তে গুৱাহাটীৰ আই.এইচ.এমলৈ প্ৰেৰণ কৰে।

হস্ৰ কালীন নাম ভৰ্তীকৰণৰ নিয়মঃ

তিনি বছৰীয়া বিজ্ঞান স্নাতক পাঠ্যক্ৰমৰ অপ্যায়ন আৰু হোটেল প্ৰশাসন বিষয়ৰ বাহিৰে বাকি সকলো বিষয়তে নিৰ্ধাৰিত আৱেদন প্ৰ-পত্ৰৰ জৰিয়তে নামভৰ্তিৰ বাবে অধ্যক্ষক উদ্দেশ্যি আবেদন কৰিব পাৰে। নামভৰ্তিৰ বাবে আবেদন বিচাৰি অসমৰ সকলো প্ৰধান বাতৰি কাকত আৰু টি.ভি.ৰ বাতৰি চেনেলৰ জৰিয়তে মে/জুন মাহত বিজ্ঞাপনো প্ৰকাশ কৰা হয়। প্ৰযোজিত প্ৰাৰ্থী সকলৰ বাবে নিৰ্ধাৰিত নিয়ম অনুসৰি আসন সংৰক্ষণ কৰি ৰখা হয়। অসমৰ বাহিৰে উত্তৰ-পূবৰ আন কিছুমান ৰাজ্যৰ প্ৰযোজিত প্ৰাৰ্থীৰ বাবেও আসন সংৰক্ষিত থাকে। কিছু সংখ্যক আসন সৰ্বভাৰতীয় প্ৰাৰ্থীৰ বাবেও মুকলি থাকে। প্ৰাৰ্থী সকলে বিজ্ঞাপনত উল্লেখ কৰা তাৰিখ অনুসৰি সাক্ষাতকাৰৰ বাবে উপস্থিত হব লাগিব।

সংস্থাপনঃ

শিক্ষানুষ্ঠানৰ তৰফৰ পৰা প্ৰবন্ধন প্ৰশিক্ষাৰ্থী, কাৰ্য্যবাহী প্ৰশিক্ষাৰ্থী, হোটেল পৰিচালনা প্ৰশিক্ষাৰ্থী, পাইকাৰী, বিমান সেৱা, জাহাজ আদি পৰ্য্যায়ত গড়ে প্ৰায় ২৫,০০০/- হাজাৰ টকাৰ মাহিলী দৰমহা লাভ কৰা ১০০শতাংশ সংস্থাপনৰ নিশ্চয়তা সদায় থাকে।

শিক্ষানুস্থানৰ ঠিকনাঃ

ভি.আই.পি. পথ, উপৰ হেঙেৰাবাৰী, বৰবাৰী, গুৱাহাটী-৭৮১০৩৬, ফোনঃ ০৩৬১-২৩৩৭২৪৫, ৮৮১১০১১৭৭০, ফেক্সঃ ০৩৬১-২৩৩৭২২৬, ইমেইলঃ ihmctanghy@gmail.com, ওৱেবচাইটঃ imctanghy.org.in

বিতং তথ্য তলত উল্লেখ কৰা হলঃ

এফ.চি.আই. প্ৰতিষ্ঠা কৰা হৈছিল ২০১০ চনত

এফ.চি.আই.এ নিম্নলিখিত ডেৰ বছৰীয়া পাঠ্যক্ৰম সমূহ পৰিচালনা কৰেঃ

  • খাদ্য প্ৰস্তুত-৪০,৮০০/-টকা
  • খাদ্য আৰু পাণীয় সেৱা-৩৬,০০০/-টকা
  • ফ্ৰণ্ট অফিচ-সেৱা-৩৬,০০০/-টকা
  • বেকাৰী আৰু মিঠাই-৪০,০০০/-টকা
  • গৃহ ব্যৱস্থা-৩৬,০০০/-টকা

ইয়াত ২০০০/-টকাত আৱাসীক হস্তেলৰ সুবিধাও উপলব্ধ।

ভাৰত চৰকাৰৰ এম.ও.টি.ৰ অধীনষ্ঠ হোটেল প্ৰবন্ধন আৰু খাদ্য পৰিবেশন প্ৰযুক্তিবিদ্যা ৰাষ্ট্ৰীয় পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰম প্ৰদান কৰা হয়। ইয়াৰ অধীনত আছে হোটেল উদ্যোগ ক্ষেত্ৰত ছমহীয়া বাধ্যতামূলক উদ্যোগিক প্ৰশিক্ষণ।

প্ৰতিবছৰে এই পাঠ্যক্ৰম সাধাৰণতে জুলাই মাহৰ তৃতীয় সপ্তাহৰ পৰা আৰাম্ভ কৰা হয়।

প্ৰাৰ্থীৰ যোগ্যতাৰ মাপকাঠীঃ

১. যিকোনো বষয়ত দ্বাদশ উৰ্তীন্ন

২. সাধাৰণ আৰু ও.বি.চি. বৰ্গৰ বাবে কমেও ২২বছৰ আৰু এছ.চি./এছ.টি বৰ্গৰ বাবে ২৫বছৰ হোৱাটো বাঞ্চনীয়।

প্ৰাৰ্থী সকলৰ নামভৰ্তিৰ পূৰ্বে তেওঁলোকৰ সাক্ষাত্কাৰ লোৱা হয়। ইয়াত লিখিত পৰীক্ষা নাথাকে। তেওঁলোকৰ বছৰেকীয়া পৰীক্ষাৰ পাছতে উদ্যোগিক প্ৰশিক্ষণৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন মৰ্য্যদাসম্পন্ন হোটেল যেনে হাইদ্ৰাবাদৰ মেৰিয়ট হোটেল, গুৱাহাটী, হাইদ্ৰাবাদস্থিত তাজ হোটেল, গোৱাৰ চিড়াদে হোটেল আৰু গোৱাৰ আন এখন হোটেল মাণ্ডুবি, ইণ্ডোৰৰ চাইজি হোটেল, উদয়পূৰ স্থিত ৰামাদা ৰিজৰ্ট, কেৰেলাৰ নিৰাময়া ৰিট্ৰিট, কোচিৰ লে মেৰেদিয়ান হোটেল, হাইদ্ৰাবদৰ হাইটেক চিটিস্থিত লেমন টি প্ৰিমীয়াৰ হোটেল, অম্ৰিতচৰত থকা আৰু লগতে গুজৰাটৰ ভাৰুচত থকা ৰয়েল অৰ্কিড হোটেল, গুজৰাটৰ বাপিস্থিত আই.টি.চি. ফৰচ্যুন, নতুন দিল্লীৰ দাৰকাস্থিত ৰেদিচন ব্লু হোটেল আদিবোৰলৈ প্ৰেৰণ কৰা হয়।

এই প্ৰশিক্ষণ সমূহৰ সফল পৰিসমাপ্তিৰ পাছতে প্ৰশিক্ষাৰ্থী সকলক সেই হোটেল সমূহতে সংস্থাপিত কৰা হয়।