মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

ধৰ্মীয় উৎসৱ

কামাখ্যাত অম্বুবাচী মেলা-জুন মাহত

অম্বুবাচী মেলা হৈছে পূব ভাৰতৰ সৰ্ববৃহত সমাৰোহ। কামাখ্যা মন্দিৰৰ ই এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু প্ৰতিবছৰে জুন মাহত ইয়াক উদযাপন কৰা হয়।

এই উত্সৱ হৈছে প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি নীতি, শক্তিমূলক কাৰ্য্য-কলাপৰে উদযাপন কৰা এক উত্সৱ। কামাখ্যাই মাঁ প্ৰথা, শক্তিক সূচাই বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত হিন্দু মাহ আষাৰৰ ৭ম দিনটোৰ পৰা ১০ম দিনটোলৈ সকলো মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয় যিহেতু এই সময়ছোৱাক মাঁ-কামাখ্যাৰ ৰজস্বলাৰ সময় বুলি জ্ঞান কৰা হয়। ইয়াৰ দ্বদশ দিনটোত আনুষ্ঠানিক ভাৱে মন্দিৰৰ দুৱাৰ খুলি দিয়া আৰু মন্দিৰ চৌহদত সেইদিনাই এক বিশাল মেলাৰ আয়োজন কৰা হয়।

অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা আৰু এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজুৱা হয় অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উত্পাদনক্ষম কৰি তুলে। সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন এই সময়ত বন্ধ ৰখা হয়। বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাত্ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতি সমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।

এইদৰেই অম্বুবাচীৰ এক স্বকীয়তা আছে, কৃষি-সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাইছে। এইদৰে ধৰ্মীয় পন্থীয়ে সহাৰি জনোৱা এই এক প্ৰতিকী স্বৰূপ।

তান্ত্ৰীক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদণ্ডি কেন্দ্ৰ স্বৰূপো। ইয়াত এক তান্ত্ৰীক সমাজো আছে যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে। তেওঁলোকৰ সকলো কাৰ্য্য গোপনীয় ভাৱে কৰা হয় কেৱল ইয়াৰ আৰম্ভণিৰ বাহিৰে। এই প্ৰথাৰ কোনো বাহ্যিক প্ৰদৰ্শন কৰা নহয়।

অধিক তথ্যৰ বাবেwww.kamakhyatourism.com ত লগ-ইন কৰক।

মাজুলীত ৰাস মহোত্সৱ-নৱেম্বৰ মাহত

ৰাস হৈছে অসমৰ এক অন্যতম জনপ্ৰিয় উত্সৱ। ই হৈছে এক ধৰ্মীয় উত্সৱ যি অসমীয়া সমাজৰ হিন্দু সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। ৰাস মহোত্সৱত ভাওনা বা পৰম্পৰাগত নৃত্য নাট্য প্ৰদৰ্শন কৰা হয় যি হিন্দু পৌৰাণিক গাঁথা সমূহ প্ৰতিফলিত কৰে। নৱেম্বৰ মাহৰ মাজ ভাগত পূৰ্ণিমাৰ সময়ত উদযাপন কৰা হয়, যদিও প্ৰতিবছৰে ইয়াৰ তাৰিখ সলনি হৈ থাকে আৰু তিনিদিনৰ কাৰণে এই উত্সৱ উদযাপন কৰা হয়।

ৰাস হৈছে হিন্দু সমাজৰ বৈষ্ণৱ পন্থি সকলৰ নব্য-বৈষ্ণৱ সংস্কৃতিৰ এক অংশ আৰু ইয়াক মধ্যযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল। উত্তৰ ভাৰতৰ ব্ৰজ ভাষাত লিখা হিন্দু শাস্ত্ৰসমূহ অসমীয়া লোক সকলে বুজি পোৱা নাছিল বাবেই এই শাস্ত্ৰ সমূহত বৰ্ণিত ভগৱান শ্ৰীকৃষ্ণৰ গৌৰৱময় গাঁথা সমূহ বুজাবলৈ শংকৰদেৱে নৃত্য-নাট্যৰ ব্যৱহাৰ কৰিছিল। ভগৱানৰ গৌৰৱময় অতীতক শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰৰ ভকত সকলে নাট্য ৰূপান্তৰ কৰি দেখুৱাইছিল। ভকত সকলে ৰঙীন বস্ত্ৰ পৰিধান কৰি নৃত্য পৰিবেশন কৰিছিল। ইয়াৰে কিছু নাট্যাংশ গাৱৰ কোনো কোনো দল, শিশু আৰু স্থানীয় সংগীত শিল্পী সকলেও প্ৰদৰ্শন কৰিছিল। এই ভাওনা নাট্যৰ আন এক বৈশিষ্ট হৈছে যে ইয়াত ব্যৱহাৰ কৰা মূখা সমূহ যি বোৰ মাজুলীৰ চামূগুৰি সত্ৰৰ ভকত সকলে গোটেই বছৰযুৰি নিৰ্মাণ কৰে বিশেষকৈ এই উত্সৱৰ বাবে। এই উত্সৱৰ সময়ত শাস্ত্ৰীয় সত্ৰীয় নৃত্যও দেখিবলৈ পোৱা যায়। ভাওনাৰ নাট সমূহ গধূলি আৰাম্ভ হৈ পাছ দিনা পূৱতি নিশালৈ অব্যাহত থাকিছিল।

বহু পৰ্য্যটকে এই উত্সৱৰ সময়ত অসমলৈ আহে এই চহকী সংস্কৃতিৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ অভিজ্ঞতা লবলৈ। এই দৰ্শনীয় উত্সৱটি উপভোগ কৰাৰ প্ৰধান কেন্দ্ৰ সমূহ হৈছে মাজুলী দ্বীপৰ লগতে নলবাৰী আৰু বৰপেটাত থকা পূৰণা সত্ৰ সমূহ। বিভিন্ন প্ৰান্তৰ লোক ৰাস মহোত্সৱৰ সময়ত এই অঞ্চল সমূহত ভিৰ কৰেহি। নৃত্য দল বোৰে নগৰ-চহৰ সমূহতো ৰাস লীলা প্ৰদৰ্শন কৰে।

বৰপেটাত দৌল উত্সৱ-মাৰ্চ মাহত

দৌল উত্সৱ হৈছে ভাৰতৰ এক বিখ্যাত উত্সৱ। ভাৰতৰ বাকী প্ৰান্তক বাদ দি অসমৰ জনসাধাৰণেও এই উত্সৱ অতি উলহ-মালহৰে পালন কৰে, বিশেষকৈ বৰপেটা অঞ্চলৰ লোকৰ বাবে এই উত্সৱ অতিকৈ জনপ্ৰিয়। দৌল উত্সৱৰ সময়ত সকলো বৰপেটাবাসীৰে হৃদয় আনন্দ আৰু উত্সৱমূখৰ উল্লাসেৰে উপচি পৰে। ই হৈছে আনন্দ আৰু ৰঙৰ উত্সৱ। দৌল উত্সৱ হৈছে বৰপেটাবাসীৰ বাবে আনন্দ প্ৰদানৰ এক মহান উত্স। এই উত্সৱৰ সময়ত বৰপেটাবাসীয়ে সকলো দূখ-বেদনা পাহৰি উলহ-মালহেৰে পৰম্পৰাগত ৰীতি -নীতিৰে ইয়াক উদযাপন কৰে। দৌল উত্সৱক হলি আৰু ফাকুৱা বুলিও কোৱা হয়। ফাগুণ আৰু চত মাহত বসন্তৰ আগমন হয়, সমগ্ৰ বিশ্ব সেউজীয়া গছৰ পাতেৰে ভৰি পৰে, ফুল ফুলে, পক্ষীকুলে মিঠা সংগীত গায়, শীতল মলয়াই সুবাস কঢ়িয়াই আনে আৰু সকলো নতুন নতুন অনুভৱ হয়। আৰু এনে এক সময়তে বৰপেটাত দৌল উত্সৱ পালন কৰা হয়।