মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

আমাৰ আলহী

< p >অসম চৰকাৰৰ পৰ্যটন বিভাগে অসমৰ গাওঁ অঞ্চলসমূহত পৰ্যটনৰ উন্নয়নৰ বাবে আৰু সেই অঞ্চলসমূহৰ উঠি অহা যুৱ প্ৰজন্মক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্য আগত ৰাখি পৰ্যটকসকলৰ বাবে “আমাৰ আলহী”-নামেৰে এক গ্ৰাম্য আচঁনিৰ আয়োজন কৰিছে। এই আচঁনিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগমে ২ প্ৰকাৰৰ আবেদন পত্ৰৰ আহ্বান কৰিছে-১) নতুন বাসস্থান (আৰ্থিক সহায়তা প্ৰাপ্ত প্ৰকল্প), ২) বৰ্তমান স্থিত বাসস্থান।ইউনিট/স্বত্বভোগীৰ নিৰ্বাচন আৰু মানদণ্ড নিৰূপন প্ৰক্ৰিয়া: ঘৰ আৰু তাৰ আশে-পাশে থকা পৰিবেশৰ মানদণ্ড নিৰূপন, তদুপৰি ঘৰসমূহৰ অৱস্থানক এক গুৰুত্বপূৰ্ন মানদণ্ড নিৰ্ণায়ক হিচাপে গণ্য কৰা হয়।ঘৰবোৰ অকল গাওঁ এলেকা/চহৰৰ বাহিৰৰ ঠাইত থাকিলেই নহব, ঘৰটোৰ পৰা ওচৰৰ পৰ্যটন ক্ষেত্ৰৰ দুৰত্ব কিমান সেইটোও গুৰুত্বপূৰ্ণ। বা এনেকুৱা ঠাইত হ’ব লাগিব, য’ৰ পৰা গুৰুত্বপূৰ্ণ কোনো মেলা, উৎসৱ উদযাপনৰ অৱস্থান বেছি দূৰ নহয়।< /p>