মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ পৰ্যটন বিভাগ

প্ৰচাৰ আৰু ব্ৰেণ্ডিং কৰা

পৰ্য্যটনৰ প্ৰাচাৰৰ অংশ হিচাপে অসম চৰকাৰৰ পৰ্য্যটন বিভাগে এই বছৰ অসম পৰ্য্যটনৰ প্ৰচাৰৰ বাবে শক্তিশালী ব্ৰেণ্ডিংৰ ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত তলৰ পদক্ষেপ সমূহ গ্ৰহণ কৰিছেঃ

  • অসমৰ পৰ্য্যটন সামগ্ৰী সমূহৰ বহুল প্ৰৱহন আৰু ভালদৰে চাব পৰাকৈ অসম পৰ্য্যটনৰ প্ৰচাৰ কৰিবলগীয়া সকলো সামগ্ৰী চপা কৰা।
  • সকলো বিমান সেৱা প্ৰতিষ্ঠানৰ বিমান যেনে ইণ্ডিগো, স্পাইচ-জেট, গো-এয়াৰ, এয়াৰ এচিয়া, জেট-এয়াৰওৱেইচ, এয়াৰ ইণ্ডিয়া আদি সমূহৰ ভিতৰত প্ৰচাৰ হৈ থাকিব পৰাকৈ বজ্ঞাপনৰ ব্যৱস্থা কৰা।
  • সকলো প্ৰধান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মেলা যেনে ডব্লিও.টি.এম. লণ্ডন, আই.টি.বি., বাৰ্লিন, বাংলাদেশ ট্ৰেভেল এণ্ড টুৰিজম ফেয়াৰ আৰু টি.টি.এফ. কোলকাতা, আই.আই.টি.এফ., নতুন দিল্লী, এছ.এ.টি.টি.ই., নতুন দিল্লী আদিত অংশগ্ৰহণ কৰা।
  • ৰাজ্যৰ বাহিৰত ৰোড-শ্ব অনুষ্ঠিত কৰা।
  • ধৰ্মীয় অনুষ্ঠান যেনে কামাখ্যাত অম্বুবাচী মেলা, মাজুলীত ৰাস মহোত্সৱ আৰু বৰপেটাত দৌল উত্সৱ আদিৰ আয়োজন কৰা।